বেটুপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিৰ্বাচিত প্ৰবন্ধ
নিৰ্বাচিত প্ৰবন্ধ
নিপন গোস্বামী

নিপন গোস্বামী (ইংৰাজী: Nipon Goswami, ১৯৪২—২০২২) এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু নাট্যভিনেতা আছিল। মঞ্চত অভিনয় জীৱন আৰম্ভ কৰি তেখেতে পাছলৈ চিনেমাত নায়কৰ অভিনয় কৰিবলৈ লয়। অসমীয়া চলচ্চিত্ৰৰ মুষ্টিমেয় তাৰকা অভিনেতাসকলৰ মাজত নিপন গোস্বামী অন্যতম। তেখেতে টেলি-ফিল্ম, ভিচিডি ছবি আদিতো অভিনয় কৰাৰ উপৰিও নাট পৰিচালনাও কৰিছে। গোস্বামীয়ে প্ৰায় ৫০খন অসমীয়া ছবিত কাম কৰিছে। তেখেতে ৭খন হিন্দী ছবিৰ লগতে দুখনমান বঙালী ছবিত অভিনয় কৰিছে। পুনা ফিল্ম ইনষ্টিটিউটৰ শিক্ষা গ্ৰহণ কৰি থাকোঁতেই নিপন গোস্বামীয়ে অমৰ পাঠকৰ সংগ্ৰাম বোলছবিত অভিনয়ৰ বাবে আমন্ত্ৰণ পায়। সেই আমন্ত্ৰণমৰ্মেই নিপন গোস্বামীয়ে সংগ্ৰাম বোলছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰে। কালানুক্ৰমিকভাৱে নিপন গোস্বামীৰ অভিনীত প্ৰথম ছবি আছিল ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত পিয়লি ফুকন। পিতৃ চন্দ্ৰধৰ গোস্বামীয়ে নাম-ভূমিকাত অভিনয় কৰা এই ছবিখনৰ কেইটামান সৰু-সুৰা দৃশ্যত তেখেতে ভূমুকি মাৰিছিল। সংগ্ৰামৰ পাছতে নায়ক হিচাপে তেখেতে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ডক্তৰ বেজবৰুৱাত অভিনয় কৰে। তাৰ পাছৰে পৰা তেখেতে ১০০-ৰো অধিক ছবিত অভিনয় কৰিছে। ১৯৮১ চনৰ আজলী নবৌৰ পাছৰেপৰা নিপন গোস্বামীয়ে নায়কৰ লগতে চৰিত্ৰাভিনয়ো কৰিবলৈ লয়।

(ইয়াত বিতংকৈ পঢ়ক)
আপুনি জানেনে?
আপুনি জানেনে...
অপৰূপা কথাছবিৰ এখন পোষ্টাৰ।
নিৰ্বাচিত চিত্ৰ
নিৰ্বাচিত চিত্ৰ
নীলা কাণৰ মাছৰোকা
মাছৰোকা (ইংৰাজী: Kingfisher) সাধাৰণতে উজ্জ্বলবৰণৰ সৰুৰ পৰা মধ্যমীয়া আকাৰৰ এবিধ চৰাইৰ গোষ্ঠী৷ সমগ্ৰ বিশ্বত এই গোষ্ঠীৰ মুঠ ৯৩ টা প্ৰজাতি পোৱা যায়৷ ভাৰতবৰ্ষত তাৰে ১২ টা স্থানীয় তথা এটা পৰিভ্ৰমী প্ৰজাতি পোৱা যায়৷ এই গোষ্ঠীৰ সকলোবোৰ প্ৰজাতিৰে বৈশিষ্ট্য হ’ল: বৃহৎ মুণ্ড, দীঘলীয়া আৰু জোঙা আকৃতিৰ ঠোঁট তথা চুটি নেজ৷ প্ৰায়বোৰ প্ৰজাতিৰে গাৰ বৰণ উজ্জ্বল হয় আৰু মতা-মাইকীৰ মাজত বিশেষ পাৰ্থক্য থকা দেখা নাযায়৷ মাছৰোকাই মাছৰ পৰা আৰম্ভ কৰি কেঁকোৰা, বিভিন্ন পোক-পৰুৱা তথা অন্য চৰাইৰ পোৱালিও চিকাৰ কৰে৷

আলোকচিত্ৰ শিল্পী: নেজিব আহমেদ
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


Wikipedia-logo-v2.svg
পৰিচিতি
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ৪০ নিযুত প্ৰবন্ধ সম্বলিত ৩০১ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৫০০ নিযুত মানুহে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

Wiki letter wo.svg
সহায়
ৱিকিপিডিয়ানৰ হাতপুথি
সাহায্য

আদৰণি · পাতনি · পৰিচয় · সহায়িকা · সমল · সাহায্য কেন্দ্ৰ · প্ৰশ্নসমূহ · অৰ্থকোষ · নতুন প্ৰবন্ধ সৃষ্টি · টাইপিং · পুৰীয়া

নীতি আৰু নিৰ্দেশাৱলী

নীতি আৰু নিৰ্দেশাৱলী · পঞ্চস্তম্ভ · ৱিকিপিডিয়া কি নহয় · নিৰপেক্ষ দৃষ্টিভংগী · উল্লেখযোগ্যতা · মৌলিক গৱেষণাৰহিত লেখা · কপিৰাইট · বিশ্বাসযোগ্যতা · সম্পাদনা নীতি · দায়লুপ্তি

আচৰণবিধি

শিষ্টাচাৰ · ব্যক্তিগত আক্ৰমণ নকৰিব · হাৰাশাস্তি · সম্পাদনা দ্বন্দ্ব · মতবিৰোধ সমাধান · ঐক্যমত · ধ্বংসপ্ৰৱণতা

বিষয় সূচী
অসম
Assamese Jaapi.png

অসম · অসমৰ জিলা · ভাষা আৰু লিপি · লোক-সংস্কৃতি · জনগোষ্ঠী · বুৰঞ্জী · প্ৰসিদ্ধ ব্যক্তি · অসমীয়া সাহিত্য · অসমৰ সংগীত · অসমৰ চলচ্চিত্ৰ

ভাৰত
Flag of India.svg

ৰাজ্যসমূহ · ভাষাসমূহ · নদীসমূহ · সংস্কৃতি · উৎসৱ · বুৰঞ্জী · ৰাজনীতি · প্ৰসিদ্ধ ব্যক্তি · শিক্ষা

দেশ-বিদেশ
World Map Icon.svg

মহাদেশ · ৰাষ্ট্ৰসমূহ · নগৰ-মহানগৰ · পৰ্যটন

মানৱ বিজ্ঞান
HP people.png

কলা · অৰ্থনীতি · ৰাজনীতি বিজ্ঞান · সমাজবিদ্যা · ভূগোল · ইতিহাস আৰু প্ৰাক-ইতিহাস · ভাষা বিজ্ঞান · দৰ্শন · শিক্ষা

সাহিত্য আৰু সংস্কৃতি
Books-aj.svg aj ashton 01.svg

সাহিত্য · সংগীত · ধৰ্ম · বঁটা আৰু সন্মান

জীৱনী
David face.png

অসমৰ প্ৰসিদ্ধ ব্যক্তি · ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি · বিজ্ঞানী‎ · চলচ্চিত্ৰ শিল্পী · কণ্ঠশিল্পী‎ · সকলো

বিজ্ঞান
PrirodneNauke.svg

গণিত · পদাৰ্থ বিজ্ঞান · ৰসায়ন বিজ্ঞান · প্ৰাণীজগত · উদ্ভিদজগত · চিকিৎসা বিজ্ঞান · জ্যোতিৰ্বিজ্ঞান · কম্পিউটাৰ বিজ্ঞান · প্ৰযুক্তি · পৰিৱেশ বিজ্ঞান · নৃতত্ব · পূৰাতত্ব

মনোৰঞ্জন
Exquisite-xine.png

বোলছবি · দূৰদৰ্শন · ভ্ৰাম্যমাণ থিয়েটাৰ · পাকঘৰ · ইণ্টাৰনেট · খেল

ৱিকিপিডিয়া
Wikipedia-logo-v2.svg

আৰম্ভণি · ৱিকিপিডিয়াৰ নীতি · ৰাইজৰ চ'ৰা · শেহতীয়া ঘটনাৱলী · অৰ্থকোষ · পৰীক্ষাগাৰ

অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):