শিশুমনৰ অনুভূতিপ্ৰৱণতা
লেখক- জ্যোতিস্মিতা দেৱী
ব্যক্তি এজনৰ শিশু কালটোৱে হৈছে মন–মগজুক গঢ় দিয়াৰ উপযুক্ত সময়৷ শিশু মনোৰোগ বিশেষজ্ঞসকলৰ মতে শিশুকালতে গঢ় লোৱা অভ্যাসবোৰ দহ বছৰ বয়সলৈকে থাকে আৰু দহ বছৰ বয়সলৈকে থকা অভ্যাসবোৰ বাকী জীৱনটোলৈ পৰিপক্ব অৱস্থাত থাকি যায়৷ অভিভাৱকৰ নীতিশিক্ষাবোৰ কুমাৰশালৰ মাটিৰ পাত্ৰ গঢ়াৰ দৰে৷ মাটিৰ পাত্ৰ এটা গঢ়াৰ পৰত এখন হাতেৰে পাত্ৰটোৰ ভিতৰৰফালে ধৰি ৰাখি বাহিৰৰফালটো পানী আৰু হাতৰ কোমল পৰশেৰে পূৰ্ণপাত্ৰ এটা গঢ়ি তোলে৷ গঢ় লোৱা পাত্ৰটো শুকাই টান হোৱাৰ পৰত তাৰ আকাৰ সলাবলৈ গ’লে ভাগি যাব৷ শিশুসকল ডাঙৰ হৈ অহাৰ লগে লগে অভ্যাসৰো পৰিবৰ্তন হয়৷ একেটা অভ্যাস বহুদিনৰ পৰা হৈ থাকিলে সেয়া স্বভাৱলৈ পৰিণত হয় আৰু এবাৰ গঢ় লোৱা স্বভাৱ সলনি নহয়৷ আগৰ দিনৰ “বেটৰ আগত বিদ্যা’’ৰ সময় উকলিল৷ এতিয়াৰ শিশুৰ বাবে বেটৰ পিটন বহু দূৰৰ কথা, টানকৈ এষাৰ কোৱাটোও চিন্তনীয়৷
শিশুৰ মন অধিক সংবেদনশীল, অধিক মৰম আকলুৱা আৰু কুমলীয়া৷ ডাঙৰৰ দৰেই আত্মসন্মান সিহঁতৰো থাকে, লগতে থাকে অত্যাধিক অনুকৰণৰ প্ৰৱনতা৷ বহু সময়ত আমি সিঁহতক একো বুলি গন্য নকৰোঁ, সিহঁতৰ চিন্তাবোৰ কিন্তু আমাতকৈ দুখোজমান আগতেই পায়গৈ৷ যুগৰ আৰু জিনৰ ক্ৰমবিকাশৰ লগে লগে আজিৰ শিশুসকলৰ মনস্তত্ত্বৰ দিশটো আমাৰ শিশুকালতকৈ কেইবাগুণে বিকশিত৷ সিহঁতৰ মগজুৰ তীক্ষ্ণ বুদ্ধিমত্তা আৰু পৰিপক্বতাই কেতিয়াবা ডাঙৰকো চেৰ পেলাই যাব পাৰে৷
শিশুৰ মন বৰ ঠুনুকা আৰু আলসুৱা৷ পানী কেচুৱা এটাও কাৰোবাৰ উমাল পৰশত নিৰাপত্তা অনুভৱ কৰে, সেয়ে মাকৰ লগত শুই থকা শিশুটোতকৈ অকলে শুৱাই থোৱা শিশুটিৱে টোপনি পৰা সোনকালে সাৰ পাই যায়৷ নিৰাপত্তাৰ এষাৰি মাত, সাহসৰ এখনি হাত আমি প্ৰত্যেকেইতো বিচাৰোঁ৷ নিৰাপত্তা অনুভৱ কৰা ব্যক্তিজনক আমি বিশ্বাস কৰোঁ, তেখেতে কোৱা কথাবোৰ মানি চলোঁ৷ আমি বহুতে কাউঞ্চিলাৰৰ ওচৰলৈ গৈ আমাৰ জীৱনৰ গোপনতকৈ গোপন অধ্যায়বোৰ মুকলি কৰি আহোঁ, মনটো ফৰকাল হয়৷ কাউঞ্চিলাৰজন বৃত্তিগত যদিও, তেওঁ এগৰাকী অচিনাকি৷ আমাৰ আটাইতকৈ কাষৰ মানুহজন হৈছে আমাৰ পিতৃ–মাতৃ বা আমাৰ অভিভাৱক৷ আমাৰ কাউঞ্চিলাৰজন প্ৰকৃততে পিতৃ–মাতৃ হোৱাহে উচিত৷ ঘৰখনত মনটো মুকলি কৰি লোৱাৰ, কথাপতাৰ পৰিৱেশটো শিশুৱে সদায় বিচাৰে৷ সৰুতে সিঁহতে মাক বা দেউতাকৰ পিছে পিছে ঘূৰি ঘূৰি মনৰ কথাবোৰ ক’বলৈ বিচাৰে৷ সদায় বিচাৰে সিহঁতৰ অনুভূতিবোৰক ঘৰৰ মানুহে বুজি উঠক! আৰু সেয়া অভিভাৱকৰ বাবে এক সুযোগ বুলিবও পাৰি৷ কাৰণ কথাবোৰ ভাঙিপাতি ক’লে, অভিভাৱকে পোণাই দিয়া বাটেৰে আগবাঢ়িলে সিহঁত অবাটে বাট বোলাৰ সম্ভাৱনা কমি থাকে৷ কিন্তু বহু সময়ত যেন অভিভাৱকসকল শিশুৰ কাৰণে অচিনাকি হৈ পৰে৷ কেতিয়াবা গুৰুত্ৱৰ অভাৱত এদিন এদিনকৈ সিঁহতে মনৰ কথাবোৰ নোকোৱা হৈ আহে৷ তেনেস্থলত সিঁহতবোৰ অকলসৰীয়া হৈ পৰে আৰু বাহিৰৰ সংগ বিচাৰিবলৈ লয়; বেছিভাগ ভুল এইখিনিৰ পৰাই কৰিবলৈ লয়৷ অভিভৱকৰ প্ৰতি আক্ষেপ, বিৰোধিতা, ক্ষোভ ইয়াৰ পৰাই আৰম্ভ হয়৷ কৰ্মব্যস্ততাৰ বাবে সকলোৰে সময়ৰ অভাৱ৷ কিন্তু অভিভাৱক হ’বলৈ হ’লে তাৰ কৰণীয়খিনিও অভিভাৱকৰে দায়িত্ব৷ অতিমাত্ৰা মৰমে যেনেদৰে সন্তানক বিপথে পৰিচালিত কৰে ঠিক তেনেদৰে জোখতকৈ অধিক শাসনৰ বাবেও কেতিয়াবা সন্তানসকল বিদ্ৰোহী হৈ উঠে। শিশু এটা ডাঙৰ হৈ সমাজৰ এজন সফল ব্যক্তিৰূপে গঢ়ি উঠাৰ আঁৰত থাকে অলেখ বিনীদ্ৰ ৰাতিৰ নীৰৱ সাধনা; ঠিক তেনেদৰে কিন্তু সন্তান এটি ধ্বংসৰ আঁৰতো থাকে বহু অব্যক্ত বেদনা।
সিহঁতবোৰ আমাৰেই প্ৰতিবিম্ব! আমি যেনেদৰে সন্তানক লালন–পালন কৰিম সিঁহতৰ স্বভাৱ আৰু দৃষ্টিভংগীও ঠিক তেনেধৰণৰেই হ’ব। নৈতিকতাৰ কোনো কথাকে আমাৰ সন্তানক কৈ শিকাব নোৱাৰোঁ। সিহঁতক আৱৰি থকা পৰিৱেশে যিবোৰ কথা শিকাব, সিহঁতবোৰে সেয়াই শিকিব৷ ঘৰখনৰ পৰিৱেশে শিশুৰ সংস্কাৰ গঢ়ে আৰু প্ৰতিটো শিশুৰ মাজত শিশুটিৰ ঘৰখনৰ সংস্কাৰ প্ৰতিফলিত হয়৷ একেটা শ্ৰেণীৰে প্ৰতিটো শিশুৰ স্বভাৱৰ মাজৰ পাৰ্থক্যত সেয়া পৰিলক্ষিত হয়৷
যিকোনো বয়সৰ ব্যক্তি এজনক দিয়া মাতষাৰৰ পৰা চৰাই–চিৰিকতি, জীৱ–জন্তুৰ প্ৰতি অনুভূতিপ্ৰৱণ হ’বলৈ সিহঁতে পৰিৱেশৰ পৰাই শিকে৷ এজন সম্পূৰ্ণ ব্যক্তি সত্তা ৰূপত শিশুৰ অনুভূতিক আমি সসন্মানেৰে গুৰুত্ৱ দিয়াটো প্ৰয়োজনীয়৷ বয়সৰ লগে লগে সিঁহতৰ দায়িত্বসমূহ বুজাই দিয়া উচিত৷ কিন্তু আমি সিঁহতৰ কথাবোৰ গুৰুত্ৱসহকাৰে শুনিলেহে সিহঁতেও আমাৰ কথাবোৰ শুনিবলৈ আগ্ৰহী হ’ব৷ দায়িত্বই ব্যক্তি এজনক পৰিপক্ক কৰি তোলে৷ ভাল–বেয়া বিচাৰ কৰিবলৈ শিকায়৷ প্ৰয়োজন মাথোঁ কিছু বুজাপৰাৰ, শিশুসকলক অভিভাৱকে অলপ সময় দিয়াৰ, সিহঁতৰ সিদ্ধান্ত আৰু অনুভূতিক সন্মান কৰাৰ৷ শিশু হিচাপে দিয়া অলপ মৰম, অলপ সন্মান আৰু অলপ গুৰুত্বৰে সিঁহতে নিজৰ অস্তিত্বক সন্মান কৰিবলৈ শিকিব৷