সম্পাদকীয়ঃ প্ৰকৃতিৰে ভাৰসাম্য ৰক্ষা কৰিহে উন্নয়ন সম্ভৱ
লেখক- জ্যোতিস্মিতা দেৱী
বতৰৰ অকাল পৰিবৰ্তন, ভূমিস্খলন, বানপানী, খহনীয়া ইত্যাদি অন্তহীন সমস্যাৰে জৰ্জড়িত আমি; এটা শাম কটাৰ আগতেই আনটোৱে মূৰ দাঙি থিয় হয়। এই সমস্যাবোৰৰ মাজত এতিয়া জীয়াই থকাও এক ডাঙৰ প্ৰত্যাহ্বান! বায়ু, পানীৰ লগতে সমানে প্ৰদূষিত হৈছে ভূমি। ১৯৫০ চনৰ বৰভূঁইকঁপৰ আগতে কৃষিজীৱী অসমবাসীৰ বাবে বানপানী আশীৰ্বাদ হৈ আহিছিল। কোৱা বাহুল্য যে আজিৰ বানে ধোৱা ধেমাজিয়ে এসময়ত দেশৰ ভিতৰতে ধান উৎপাদনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছিল। কালৰ পৰিক্ৰমাত বানপানীয়ে কি ৰূপ ল’লে সেয়া আকৌ এবাৰ কোৱাৰ প্ৰয়োজন নাই। কম বেছি পৰিমাণে আমি প্ৰায় প্ৰতিজনেই ভুক্তভোগী। কিন্তু বানপানীৰ সমান্তৰালভাৱে খহনীয়া আৰু ভূমিস্খলন বানপানীতকৈও অধিক ভয়াবহ ৰূপত বৃদ্ধি পাইছে। সমগ্ৰ বিশ্বতে অতি উদ্বেগজনকভাৱে মাটি কালিৰ আয়তন দ্ৰুত গতিত হ্ৰাস পাই আহিছে। পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ লগে লগে পানীৰ পৰিমাণ বৃদ্ধি হৈছে। প্ৰতি বছৰে কিমান মাইল মটি, কিমানখনযে গাঁও খহনীয়াত জাহ গৈছে! এইবোৰৰ উপৰিও ভূতৰ ওপৰত দানহ পৰাদি ধ্বংস যজ্ঞ চলাইছে মানুহৰ খনন কাৰ্য্যই। আৰু এই সকলোবোৰৰ বিপৰীতে বৃদ্ধি পাইছে জনসংখ্যা।
উন্নত যাতায়াত ব্যৱস্থা এটা উন্নত সভ্যতাৰ পৰিচায়ক। ৰেল বিভাগৰ পৰিকল্পনা হয় যে তেওঁলোকে ৰেল লাইন সম্প্ৰসাৰণ কৰিব লাগে, আনহাতে চৰকাৰৰ পৰিকল্পনা হয় যে ৰেল সেৱা গৈ নোপোৱা ঠাইলৈ ৰেল লাইন গৈ পাব লাগে। উন্নয়নৰ বাবে দেশৰ চুকে কোণে ৰেল লাইন গৈ পোৱাটো নিতান্তই প্ৰয়োজন। কিন্তু প্ৰথমেই আমি ভাবিব লাগিব যে এই সকলোবোৰ আমি কিহৰ বিনিময়ত কৰিবলৈ গৈ আছোঁ? সেই ঠাইৰ সম্পূৰ্ণ ভৌগোলিক গৱেষণা আৰু অধ্যয়ন অবিহনে পাহাৰ কাটি কৰা এনে পৰিকল্পনাই হিতে বিপৰীত হোৱাহে দেখা যায়। সৌ সিদিনা হাফলং আৰু মণিপুৰ বিধস্ত হোৱা ঘটনাই আমাক আকৌ এবাৰ সকিয়াই দিলে। বহু ক্ষেত্ৰত আমি অবিবেচকী হৈ পৰোঁ। পৰিৱেশ আৰু পৰিস্থিতিৰ লগত ভাৰসাম্য ৰক্ষা কৰিলেহে তেনে উন্নয়ন হিতকাৰী হ’ব।
মাজে সাময়ে আমি গছপুলি ৰুই থাকোঁ। কিন্তু এইদৰে ফলপ্ৰসূ হ’বলৈ হ’লে সময় উকলিব। গছপুলি ৰোৱা কামটো পৰিকল্পিত আৰু সমূহীয়াকৈ হ’ব লাগিব, য’ত প্ৰয়োজন তাত ৰোপণ হ’ব লাগিব। ইয়াৰ লগতে যদি চৰকাৰে গছ কটা আৰু পাহাৰ কটা কামটোত অন্ততঃ দহ বছৰৰ কাৰণে হ’লেও কঠোৰ নিষেধাজ্ঞা আৰোপ কৰে, তেতিয়া ভূমি সংৰক্ষণৰ কামটো ফলপ্ৰসূ হ’ব। চৰকাৰী খণ্ডৰ পৃষ্ঠপোষকতাত সুপৰিকল্পিত পদক্ষেপেৰে ভূমিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিলে এনে সমস্যাবোৰৰ পৰা কিছু সকাহ পাব পৰা যাব বুলি আশা কৰিব পাৰি।
ভূমিক বাদ দি আমাৰ অস্তিত্বৰ কথা আমি কল্পনা কৰিবও নোৱাৰোঁ। কিন্তু আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বিষয়টোতে আমি আটাইতকৈ কম গুৰুত্ব দি আহিছোঁ। নিৰ্বননীকৰণৰ লগতে হ্ৰাস পাই অহা মাটিৰ উৰ্বৰতাও ভূমি সংৰক্ষণৰ আন এটা গুৰুত্বপূৰ্ণ উপাদান। বানপানীয়ে বুৰাই পেলোৱা বহু খেতি মাটিত পুনৰাই খেতি কৰা অসম্ভৱ হৈ পৰে। আনহাতে একেডৰা খেতি মাটিত বছৰৰ পিছত বছৰ একেধৰণৰ খেতি কৰি থকাৰ ফলতো মাটিৰ উৰ্বৰতা হ্ৰাস পায়। ফলস্বৰূপে উৎপাদনৰ পৰিমাণ হ্ৰাস পায়।
এটা সময় আছিল, যেতিয়া মানুহৰ মৃত্যু হ’লে শৱ দাহ কৰাৰ পৰিৱৰ্তে নিজৰ কৃষিভূমিত সমাধিস্থ কৰিছিল। তেওঁলোকৰ ধাৰণামতে এই বিধি আছিল মাটিৰ প্ৰতি তেওঁলোকে জনোৱা কৃতজ্ঞতা। যিহেতু সেই মাটিৰ পৰা উৎপাদিত শস্য গ্ৰহণ কৰি এই শৰীৰটোৱে গঢ় লয়, সেয়ে জীৱনৰ শেষতো শৰীৰটো মাটিকে উছৰ্গা কৰাৰ পৰম্পৰা আছিল। মাটিৰ আন এটা প্ৰকৃতি প্ৰদত্ত গুণ হ’ল মাটিয়ে আমাৰ দেহৰ প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰে। মাটিৰ লগত জড়িত থকা মানুহবোৰ তুলনামূলকভাৱে মাটিৰ সংস্পৰ্শত নথকা মানুহতকৈ শাৰীৰিক ভাৱে অধিক সুস্থ। উন্নত প্ৰযুক্তিৰ সৈতে উন্নত জীৱনশৈলী গ্ৰহণ কৰি আমি লাহে লাহে মাটিৰ পৰা বহু আঁতৰলৈ গুচি গ’লোঁ। চহৰৰ বহু অঞ্চলত মাটি চুবলৈ পোৱাটো বহু দূৰৰ কথা, মাটি চাবলৈও নোপোৱা হ’লোঁ। প্ৰগতিশীল সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাবই লাগিব, নহ’লে এদিন সময়ে আমাক এৰি থৈ যাব। কিন্তু শিপা এৰি আগুৱাবলৈ ল’লে বিনাশক কোনেও ৰোধিব নোৱাৰে। মানুহ প্ৰাকৃতিক জীৱ, গতিকে প্ৰকৃতিৰ বিধি ব্যৱস্থামতে পৰিকল্পনা কৰা উন্নয়নৰ সংজ্ঞাইহে মানৱ জাতিৰ বিকাশ সাধন কৰিব পাৰিব।
এই সংখ্যাটোৰ আঁৰত-
একাদশ বৰ্ষৰ দ্বাদশ সংখ্যাটোৰ আঁৰত:
‘সাহিত্য ডট অৰ্গ’ৰ একাদশ বৰ্ষৰ দ্বাদশ সংখ্যাটিৰ (শাওন মাহ, ১৯৪৪ শকাব্দ) আঁৰত থাকি বিভিন্ন প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়োৱা সকলো সদাশয় ব্যক্তিলৈ সম্পাদকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।
লেখাসমূহৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰি সহযোগিতা আগবঢ়ালে শ্ৰী মৃদুল কুমাৰ শৰ্মা,শ্ৰী মাধুৰ্য্য গোস্বামী,শ্ৰী কলচুম বিবি, শ্ৰী মিতালী বৰ্মন আৰু শ্ৰী উচ্চজিত কলিতা।
সাক্ষাৎকাৰ গ্ৰহণ আৰু অনুলেখন কৰি সহায় আগবঢ়ালে শ্ৰী অভিজিত দত্ত, শ্ৰী মাধুৰ্য্য গোস্বামী আৰু শ্ৰী জ্যোতিস্মিতা দেৱীয়ে।
কাৰিকৰী দিশত সহায়-সহযোগিতা আগবঢ়ালে ক্ৰমে শ্ৰী মনোজ মন কলিতা আৰু শ্ৰী বিকাশ দত্তই৷
‘অসমীয়াত কথা বতৰা’ গোটৰ আমাৰ শ্ৰদ্ধেয় লেখক-লেখিকাসকল আৰু সদস্য-সদস্যাসকললৈও আমি বিশেষ কৃতজ্ঞতা জনালোঁ।
আন্তৰিক ধন্যবাদেৰে,
শ্ৰী মণ্টু বৰঠাকুৰ
জ্যোতিস্মিতা দেৱী
সম্পাদক
সাহিত্য ডট অৰ্গ
একাদশ বৰ্ষ, দ্বাদশ সংখ্যা
(শাওন মাহ, ১৯৪৪ শকাব্দ)