শ্বটটো শেষ হ’ল নেকি?
লেখক- অভিজিত দত্ত
দৃশ্যগ্ৰহণ শেষ হ’ল। শৱযাত্ৰাৰ বাবে ব্যৱহাৰ কৰা সাঙীখনৰ ৰচীৰ বান্ধ খুলি দিয়া হ’ল। অভিনয় কৰা মহিলাগৰাকী এতিয়া নামি আহিব।
পৰিচালকজনৰ মুখত তৃপ্তিৰ হাঁহি এটা ফুটি উঠিছে। বয়সিয়াল মানুহগৰাকীয়ে দুৰ্দান্ত অভিনয় কৰিছে। কমখন কষ্ট কৰি তেওঁ তেখেতক বিচাৰি উলিয়াইছে নে?
পিছে দৃশ্যগ্ৰহণৰ সৈতে জড়িত থকা কলা–কুশলীসকল আতংকিত হৈ পৰিল। অভিনেত্ৰীগৰাকীয়ে এতিয়াও সাঙীখনৰ পৰা নামি অহা নাই। তেওঁৰ কি জীৱন পৰিক্ৰমা সাঙীখনতেই শেষ হ’ল নেকি? এয়াতো অভিনয়হে আছিল! পিছে মৃত্যুৰ অভিনয় কৰা তেওঁৰ অভিনয় কৰি থকাৰ সময়তেই সঁচাকৈয়েই মৃত্যু হ’ল নেকি?
কথাছবিখনৰ পৰিচালকজনো সচকিত হৈ পৰিল। “মানে তেখেতৰ সঁচাকৈয়ে মৃত্যু হ’ল নেকি?” পৰিচালকৰ বুকুৰ ঢপ্ঢপনিটো যেন তেওঁ নিজে শুনা পালে।
হঠাৎ অভিনেত্ৰী গৰাকীয়ে মাত লগালে,
“শ্বটটো শেষ হ’ল নেকি? শেষ হোৱা বুলি মোক কোৱাই নাই কোনেও। সেইবাবে মই সাঙীখনত মৰাৰ দৰে পৰি আছোঁ।”
অভিনেত্ৰীগৰাকীৰ মাতটো শুনি সকলোৱে যেন হাততে সৰগ ঢুকি পালে। নাই, তেওঁলোকে ভবাৰ দৰে অভিনেত্ৰীগৰাকীৰ মৃত্যু হোৱা নাই।
এয়া আছিল সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত ‘পথেৰ পাঁচালি’ৰ দৃশ্যগ্ৰহণৰ সময়ত ঘটা এটি সঁচা কাহিনী। কথাছবিখনত ‘ইন্দিৰ ঠাকুৰুণ’ নামৰ বৃদ্ধাৰ চৰিত্ৰটি ৰূপায়ণ কৰিছিল চুনিবালা দেবীয়ে। সেই চুনিবালা দেবীয়েই শৱযাত্ৰাৰ শৱটি হৈ অসাধাৰণ অভিনয় কৰিছিল। সেই বিশেষ দৃশ্যগ্ৰহণৰ অন্তত চুনিবালা দেবীয়ে সাঙীখনত নিঃসাৰ হৈ আছিল। কাৰণ দৃশ্যগ্ৰহণ হৈ যোৱা বুলি তেওঁক জনোৱা হোৱা নাছিল। চুনিবালা দেবীৰ সঁচাকৈয়ে মৃত্যু হোৱা বুলি ভাবি পৰিচালক সত্যজিৎ ৰায় আৰু কলা–কুশলীসকল বিব্ৰত হৈ পৰিছিল।
কথাছবিখনত ‘ইন্দিৰ ঠাকুৰুণ’ নামৰ বয়সিয়াল বিধবা মহিলাগৰাকীৰ চৰিত্ৰত অভিনয় কৰিবলৈ আগবাঢ়ি আহিছিল চুনিবালা। আচলতে সত্যজিৎ ৰায়ে এই চৰিত্ৰটি সঠিকভাৱে ৰূপায়িত কৰিবলৈ এগৰাকী বয়সিয়াল বৃদ্ধা বিচাৰি আছিল। যুৱতী এগৰাকীৰ বেশভূষা আৰু শাৰীৰিক গঠন ‘মেক–আপ’ৰ দ্বাৰা সলনি কৰিবলৈ সত্যজিৎ ৰায় অনিচ্ছুক আছিল। পথেৰ পাঁচালিত ‘সেজো ঠাকুৰুণ’ চৰিত্ৰত অভিনয় কৰা ৰেবা দেৱীয়ে সত্যজিৎ ৰায়ক তেনে এগৰাকী মহিলাৰ খবৰ দিছিল।
সেইসময়ত চুনিবালা দেবীয়ে কলকাতাৰ পতিতালয়সমূহ থকা এটি নিষিদ্ধ গলিত বাস কৰে। ১৮৭২ চনত জন্মলাভ কৰা চুনিবালা তেতিয়া আশী বছৰীয়া এগৰাকী বৃদ্ধা। তেওঁৰ গাল সোঁতোৰা–সোঁতোৰি দিছে। দেহটো সন্মুখৰ ফালে হালি আহিছে।
ইতিমধ্যে চুনিবালাই দুখন কথাছবিত অভিনয় কৰিছে। ১৯৩০ চনত মুক্তি লাভ কৰা ‘বিগ্ৰহ’ আৰু ১৯৩৯ চনত মুক্তিলাভ কৰা ‘ৰিক্ত’ কথাছবিত তেওঁ অভিনয় কৰিছে। মঞ্চাভিনয়ৰ অভিজ্ঞতা থকা চুনিবালাই সত্যজিৎ ৰায়ে অভিনয়ৰ বাবে কৰা অনুৰোধটো গুণাগঁথা কৰি গ্ৰহণ কৰিলে। দিনে কুৰি টকাৰ পাৰিশ্ৰমিকত তেওঁ ‘পথেৰ পাঁচালি’ত অভিনয় কৰিবলৈ সাজু হ’ল।
চুনিবালাই ৰূপায়ণ কৰা অভিনয় ভাৰতীয় কথাছবি জগতত অনবদ্য অভিনয়ৰূপে স্বীকৃত হ’ল। ‘ইন্দিৰ ঠাকুৰুণ’ চৰিত্ৰটিত জীৱন্ত অভিনয় কৰাৰ সময়ত তেওঁক যেন নিজৰ দুখ–দৈন্যই সহায় কৰিলে। বিশেষকৈ ‘ইন্দিৰ ঠাকুৰুণ’ৰ মৃত্যু আৰু শৱযাত্ৰাৰ দৃশ্যটোৱে চুনিবালা দেবীৰ অভিনয় প্ৰতিভাক সমগ্ৰ জগতৰ আগত প্ৰতিষ্ঠা কৰিলে।
পিছে ‘পথেৰ পাঁচালী’ৰ মুক্তিৰ আগেয়ে চুনিবালা দেবীয়ে ইহসংসাৰ ত্যাগ কৰিলে। মানৱ দৰদী পৰিচালক সত্যজিৎ ৰায়ে অৱশ্যে তেখেতৰ মৃত্যুৰ আগেয়ে তেখেতক কথাছবিখন এবাৰ দেখুৱাবলৈ সমৰ্থ হ’ল। ‘প্ৰজেক্টৰ’ৰ দ্বাৰা সত্যজিৎ ৰায়ে কথাছবিখন চুনিবালা দেবীক দেখুৱালে। নিজৰ অভিনয় দেখি নিজেই হতবাক হৈ পৰিছিল তেওঁ। ১৯৫৫ চনত ‘ইনফ্লুয়েঞ্জা’ত ভুগি চুনিবালা দেবীৰ মৃত্যু ঘটিল। তেখেতৰ মৃত্যুৰ পিছতহে পথেৰ পাঁচালিয়ে মুক্তিলাভ কৰিলে।
(অৰুণাভ সেনৰ সংকলনৰ পৰা সংগৃহীত তথ্য)