বেটুপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
নিৰ্বাচিত প্ৰবন্ধ
নিৰ্বাচিত প্ৰবন্ধ
নৰেন্দ্ৰ অচ্যুত দাভোলকৰ

নৰেন্দ্ৰ অচ্যুত দাভোলকৰ (১ নৱেম্বৰ ১৯৪৫ – ২০ আগষ্ট ২০১৩) ভাৰতমহাৰাষ্ট্ৰৰ এগৰাকী চিকিৎসক, সমাজ কৰ্মী, যুক্তিবাদী আৰু লেখক আছিল। ১৯৮৯ চনত তেওঁ মহাৰাষ্ট্ৰ অন্ধশ্ৰদ্ধা নিৰ্মূলন সমিতি (MANS) প্ৰতিষ্ঠা কৰি সভাপতি হৈছিল। ২০১৩ চনৰ ২০ আগষ্টত তেওঁৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপে চাৰিদিন পিছত মহাৰাষ্ট্ৰত "অন্ধবিশ্বাস আৰু ক'লা যাদু বিৰোধী অধ্যাদেশ" বলৱৎ কৰা হয়। ২০১৪ চনত তেওঁ সমাজসেৱাৰ বাবে মৰণোত্তৰভাৱে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। ১২ বছৰ চিকিৎসক হিচাপে কাম কৰাৰ পিছত ১৯৮০ৰ দশকত দাভোলকাৰ এগৰাকী সমাজকৰ্মী হৈ পৰিছিল। লাহে লাহে দাভোলকাৰে অন্ধবিশ্বাস নিৰ্মূলৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল, আৰু অখিল ভাৰতীয় অন্ধশ্ৰাদ্ধ নিৰ্মূলন সমিতিত (ABANS) যোগদান কৰিছিল। ১৯৯০–২০১০ চনৰ ভিতৰত দাভোলকাৰ দলিত (অস্পৃশ্য) সমতাৰ বাবে এক আন্দোলনত সক্ৰিয় আছিল, আৰু ভাৰতৰ জাতি ব্যৱস্থা আৰু জাতি সম্পৰ্কীয় হিংসাৰ বিৰুদ্ধে মাত মাতি আহিছিল। ২০১০ চনত মহাৰাষ্ট্ৰত অন্ধবিশ্বাস বিৰোধী আইন প্ৰণয়ন কৰাৰ বাবে দাভোলকাৰে কেইবাটাও ব্যৰ্থ প্ৰচেষ্টা চলাইছিল। দাভোলকাৰৰ হত্যাৰ এদিন পিছতে মহাৰাষ্ট্ৰৰ মন্ত্ৰীসভাই অন্ধবিশ্বাস বিৰোধী আৰু ক'লা যাদু অধ্যাদেশক অনুমোদন জনায়। ২৯টা সংশোধনীৰ অন্তত অৱশেষত ২০১৩ চনৰ ১৮ ডিচেম্বৰত ইয়াক অধ্যাদেশ হিচাপে প্ৰণয়ন কৰা হৈছিল।

(ইয়াত বিতংকৈ পঢ়ক)
আপুনি জানেনে?
আপুনি জানেনে...
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক
  • ...যে লখিমপুৰ জিলাৰ ঢকুৱাখনাত উদযাপিত হোৱা বিহু উৎসৱৰ আঞ্চলিক নাম ফাট বিহু?
  • ...যে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথমগৰাকী অভিনেত্ৰী আৰু প্ৰথম দাদা চাহেব ফাল্কে বঁটা বিজয়িনী দেবীকা ৰাণী আছিল?
  • ...যে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিস্থিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হৈছে বাৰাক অ'বামা?
নিৰ্বাচিত চিত্ৰ
নিৰ্বাচিত চিত্ৰ
মাহ-প্ৰসাদ
অসমৰ নামঘৰ আৰু মন্দিৰত নৈবেদ্য হিচাপে ব্যৱহৃত এবিধ পৰম্পৰাগত প্ৰসাদ
মাহ-প্ৰসাদ হল অসমৰ নামঘৰ আৰু মন্দিৰত নৈবদ্য হিচাপে ব্যৱহৃত এবিধ পাৰম্পৰিক প্ৰসাদ। ফলা বা গুটা মগুমাহ পানীত তিয়াই কোমল কৰি, ভালদৰে ধুই, প্ৰায়ে সেইধৰণে কোমল কৰা কেঁচা বুটৰ লগত মিহলাই মাহ-প্ৰসাদ তৈয়াৰ কৰা হয়। নৈবদ্য হিচাপে উৎসৰ্গা কৰাৰ সময়ত অলপ ভিজোৱা চাউলো কাষত দিয়াৰ নিয়ম আছে যদিও নিমখ মিহলোৱা নহয়। পাচত প্ৰসাদ হিচাপে ভকতৰ মাজত বিতৰণ কৰাৰ সময়ত প্ৰয়োজনীয় নিমখ, সৰু সৰু টুকুৰা কৰা আদা আৰু নাৰিকল মিহলাই দিয়া হয়। সাধাৰণতে কলপাতত এই মাহ প্ৰসাদৰ লগত কল, কুঁহিয়াৰ, কমলা, আপেল, ৰবাব টেঙা আদি বিভিন্ন ঋতুফলো দিয়া দেখা যায়।

আলোকচিত্ৰ শিল্পী: চন্দন চিৰিং ফুকন
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


Wikipedia-logo.svg
পৰিচিতি
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ৪০ নিযুত প্ৰবন্ধ সম্বলিত ৩০১ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৫০০ নিযুত মানুহে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

Wiki letter wo.svg
সহায়
ৱিকিপিডিয়ানৰ হাতপুথি
সাহায্য

আদৰণি · পাতনি · পৰিচয় · সহায়িকা · সমল · সাহায্য কেন্দ্ৰ · প্ৰশ্নসমূহ · অৰ্থকোষ · নতুন প্ৰবন্ধ সৃষ্টি · টাইপিং · পুৰীয়া

নীতি আৰু নিৰ্দেশাৱলী

নীতি আৰু নিৰ্দেশাৱলী · পঞ্চস্তম্ভ · ৱিকিপিডিয়া কি নহয় · নিৰপেক্ষ দৃষ্টিভংগী · উল্লেখযোগ্যতা · মৌলিক গৱেষণাৰহিত লেখা · কপিৰাইট · বিশ্বাসযোগ্যতা · সম্পাদনা নীতি · দায়লুপ্তি

আচৰণবিধি

শিষ্টাচাৰ · ব্যক্তিগত আক্ৰমণ নকৰিব · হাৰাশাস্তি · সম্পাদনা দ্বন্দ্ব · মতবিৰোধ সমাধান · ঐক্যমত · ধ্বংসপ্ৰৱণতা

বিষয় সূচী
অসম
Assamese Jaapi.png

অসম · অসমৰ জিলা · ভাষা আৰু লিপি · লোক-সংস্কৃতি · জনগোষ্ঠী · বুৰঞ্জী · প্ৰসিদ্ধ ব্যক্তি · অসমীয়া সাহিত্য · অসমৰ সংগীত · অসমৰ চলচ্চিত্ৰ

ভাৰত
Flag of India.svg

ৰাজ্যসমূহ · ভাষাসমূহ · নদীসমূহ · সংস্কৃতি · উৎসৱ · বুৰঞ্জী · ৰাজনীতি · প্ৰসিদ্ধ ব্যক্তি · শিক্ষা

দেশ-বিদেশ
World Map Icon.svg

মহাদেশ · ৰাষ্ট্ৰসমূহ · নগৰ-মহানগৰ · পৰ্যটন

মানৱ বিজ্ঞান
HP people.png

কলা · অৰ্থনীতি · ৰাজনীতি বিজ্ঞান · সমাজবিদ্যা · ভূগোল · ইতিহাস আৰু প্ৰাক-ইতিহাস · ভাষা বিজ্ঞান · দৰ্শন · শিক্ষা

সাহিত্য আৰু সংস্কৃতি
Books-aj.svg aj ashton 01.svg

সাহিত্য · সংগীত · ধৰ্ম · বঁটা আৰু সন্মান

জীৱনী
David face.png

অসমৰ প্ৰসিদ্ধ ব্যক্তি · ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি · বিজ্ঞানী‎ · চলচ্চিত্ৰ শিল্পী · কণ্ঠশিল্পী‎ · সকলো

বিজ্ঞান
PrirodneNauke.svg

গণিত · পদাৰ্থ বিজ্ঞান · ৰসায়ন বিজ্ঞান · প্ৰাণীজগত · উদ্ভিদজগত · চিকিৎসা বিজ্ঞান · জ্যোতিৰ্বিজ্ঞান · কম্পিউটাৰ বিজ্ঞান · প্ৰযুক্তি · পৰিৱেশ বিজ্ঞান · নৃতত্ব · পূৰাতত্ব

মনোৰঞ্জন
Exquisite-xine.png

বোলছবি · দূৰদৰ্শন · ভ্ৰাম্যমাণ থিয়েটাৰ · পাকঘৰ · ইণ্টাৰনেট · খেল

ৱিকিপিডিয়া
Wikipedia-logo.svg

আৰম্ভণি · ৱিকিপিডিয়াৰ নীতি · ৰাইজৰ চ'ৰা · শেহতীয়া ঘটনাৱলী · অৰ্থকোষ · পৰীক্ষাগাৰ

অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):