সন্ধান ডট কম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
সন্ধান
ইউ আৰ এল xondhan.com
বিজ্ঞাপন অব্যৱসায়িক
প্ৰকাৰ অসমীয়া অনলাইন আলোচনী।
ভাষা
স্বত্বাধিকাৰী সন্ধান ডট কম।
মুকলি জুলাই, ২০১২

সন্ধান হৈছে অসমীয়া ভাষাৰ এখন অনলাইন আলোচনী। ২০১২ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ হয়। ই-আলোচনীখনে ২০১৫ চনত 'দক্ষিণ এছিয়া আৰু এছিয়া পেচিফিক মন্থন বঁটা লাভ কৰে ৷[1] তদুপৰি ২০১৬ চনত ই-সংস্কৃতি আৰু ঐতিহ্য শিতানত ৬ষ্ঠ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰে ৷[2]

উদ্দেশ্য[উৎস সম্পাদনা]

সন্ধান ডট কমৰ মুখ্য পৃষ্ঠা

ইউনিক’ডৰ যোগেদি ই-বিশ্বত অসমীয়া ভাষা-সাহিত্য প্ৰচাৰ কৰাটো আলোচনীখনৰ মুখ্য উদ্দেশ্য৷

ল’গ’ৰ অৰ্থ[উৎস সম্পাদনা]

সন্ধানৰ ল’গ’টো অসমীয়াৰ বাপতিসাহোন বিহুৰ লগত সংগতি ৰাখি তৈয়াৰ কৰা হৈছে। দুটা ম’হৰ শিঙৰ পেপাৰ চিহ্নৰে ইয়াক সজোৱা হৈছে আৰু লগতে দুয়োফালে থকা জোনস্বৰূপ অংশকেইটাৰে এক নতুন দিগন্ত আৱিষ্কাৰৰ উমান পোৱাৰ কথা সুচোৱা হৈছে।

পৰিচালনা[উৎস সম্পাদনা]

আলোচনীখনৰ প্ৰতিষ্ঠাপক নয়ন জ্যোতি কলিতা ৷ উপদেষ্টা, ব্যৱস্থাপক, সম্পাদক, সমন্বয়ক সমন্বিতে এটি কৰ্মদলে আলোচনীখন পৰিচালনা কৰে৷[3]

আলোচনীখনৰ অন্যান্য শিতান আৰু আঁচনি[উৎস সম্পাদনা]

আলোচনীখনত খেল-ধেমালি শিতানটোৰ[4] জড়িয়তে অসমত পুৰণি কালত গাওঁ অঞ্চলত বহুল প্ৰচলিত অথচ বৰ্তমান লুপ্তপ্ৰায় খেল-ধেমালিসমূহ প্ৰচলনৰ সময়, খেলাৰ নিয়ম আদি সবিস্তাৰে প্ৰকাশিত হৈছে। আৰু প্ৰথা-পৰম্পৰা শিতানেৰে[5] ইয়াত পুৰণি কালত পৰম্পৰাগত ভাবে পালন কৰা বিভিন্ন কাৰ্যত মৌখিক ভাবে প্ৰচলন হোৱা গীত–মাত, সাধুকথা, প্ৰৱচন আদিৰ সম্পৰ্কে প্ৰকাশ কৰা হৈছে। আলোচনীখনত উত্তৰ-পূৱ ভাৰতৰ কলা-সংস্কৃতি আৰু পৰ্যটন সম্পৰ্কীয় আলোকচিত্ৰ সৈতে লেখা[6] , সাক্ষাৎকাৰ[7] প্ৰকাশ কৰা হয়।

তথ্যসূত্ৰ[উৎস সম্পাদনা]