১০ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জন্ম[সম্পাদনা কৰক]

  1. ১৮৭১ চনৰ আজিৰ দিনটোতে মাৰ্চেল প্ৰুষ্ট, সম্পূৰ্ণ নাম ভেলেণ্টিন লুইছ হৰ্হেছ ইউজিন মাৰ্চেল প্ৰুষ্ট (Valentin Louis Georges Eugène Marcel Proust) ৰ জন্ম হয় । তেখেত এজন ফৰাছী ঔপন্যাসিক, সমালোচক আৰু ৰচনাবিদ। সুবৃহৎ উপন্যাস ইন্‌ ছাৰ্চ অৱ লষ্ট টাইম্‌ (À la recherche du temps perdu) (In Search of Lost Time; পূৰ্বে Remembrance of Things Past নামৰে অনুদিত)-ৰ বাবে তেওঁ বিখ্যাত।
  2. ১৯৩৮ চনৰ আজৰ দিনটোতে খ্যাতিমন্ত পদাৰ্থ বিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ জন্ম হয়।
  3. ১৯৪০ চনৰ আজিৰ দিনটোতে ভাৰতীয় অৰ্থনীতিবিদ আৰু ৰাজনীতিবিদ মেঘনাদ দেশাইৰ জন্ম হয় ।
  4. ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ সুনীল মনোহৰ গাভাস্কাৰে বোম্বাই (মোম্বাই)ত জন্মগ্ৰহণ কৰে ।
  5. ১৯৫০ চনৰ আজিৰ দিনটোতেই ভাৰতবৰ্ষৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতশিল্পী, ‘সংগীত সম্ৰাজ্ঞী’ পাৰবীন চুলতানাৰ জন্ম হৈছিল ৷

অনান্য[সম্পাদনা কৰক]

  1. ২০০৭ চনৰ আজিৰ দিনটোতে গুৱাহাটী উচ্চ ন্যায়ালয়ত ‘ই-কোৰ্ট’ আচনি প্ৰৱৰ্তন কৰা হয় । সম্প্ৰতি ই-কোৰ্ট আচনিখন ৰাষ্ট্ৰীয় ই-গৰ্ভনেন্স আচনিৰ অধীনত সামৰি লোৱা হৈছে
  2. ২০১১ চনৰ আজিৰ দিনটোতে ৰঙিয়াত পুৰী এক্সপ্ৰেছত এক ভয়াবহ বোমা বিস্ফোৰণ সংঘটিত হয় ।
  3. ১৯৯২ চনৰ আজিৰ দিনটোতে প্ৰথম ভাৰতত নিৰ্মিত (প্ৰথম) দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ INSAT-2A আমেৰিকাৰ পৰা উৎক্ষেপণ কৰা হয় ।
  4. ২০০৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ সাহিত্যিক ছলমান ৰুশ্বদিয়ে বিশ্বৰ সন্মানীয় ‘বেষ্ট অব বুকাৰ এৱাৰ্ড’ লাভ কৰে ।
  5. ২০১২ চনৰ আজিৰ দিনটোতে উত্তৰ-পূবৰ বিকাশৰ বাবে এছিয়ান ডেভলেপমেণ্ট বেংকে ২০০ নিযুত ডলাৰ ঋণ প্ৰদান কৰে ।
  6. ১৯৬৫ চনৰ আজিৰ দিনটোতে গোৱালিয়ৰত ভাৰতৰ প্ৰথমখন মহিলা এন চি চি কলেজ মুকলি কৰা হয়।
  7. ১৯৬০ চনৰ আজিৰ দিনটোতে ভাৰত—কানাডাৰ যৌথ নিউক্লিয় ৰিয়েক্টৰ ‘ছাইৰাছ’ কাৰ্যক্ষম কৰা হয় ৷
  8. ১৯৬২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ দ্বাৰা মহাকাশলৈ পৃথিৱীৰ প্ৰথম দূৰসংযোগী বাণিজ্যিক কৃত্ৰিম উপগ্ৰহ ‘টেলিষ্টাৰ—১’ উৎক্ষেপণ কৰা হয় ।
  9. ১৯৭৩ চনত আজিৰ দিনটোত কেৰিবিয়ান সাগৰৰ দ্বীপৰাষ্ট্ৰ বাহামে স্বাধীনতা লাভ কৰে ৷