১৩ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


১৩ জুন গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ১৬৪ তম (অধিবৰ্ষত ১৬৫ তম) দিনবুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

জন্ম[সম্পাদনা কৰক]

  1. অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা মিত্ৰদেৱ মহন্ত অধিকাৰী (চমুকৈ, মিত্ৰদেৱ মহন্ত)ৰ জন্ম হৈছিল ১৮৯৪ চনৰ আজিৰ দিনটোতে ৷
  2. আজিৰ দিনটোত ১৭৭৩ চনত ইংৰাজ পদাৰ্থ বিজ্ঞানী টমাছ ইয়ঙৰ জন্ম হৈছিল ।
  3. ১৮৬৫ চনত আজিৰ দিনটোত আইৰিছ কবি আৰু নাট্যকাৰ উইলিয়াম বাটলাৰ ইয়েটছৰ জন্ম হৈছিল ।
  4. বিদ্যুৎ চুম্বকীয় তত্বৰ প্ৰৱৰ্তক জেমচ্ ক্লাৰ্ক মেক্সৱেল-এ জন্ম লৈছিল ১৮৩১ বৰ্ষৰ আজিৰ দিনটোতে ৷

অনান্য[সম্পাদনা কৰক]

১২৯০ চনৰ আজিৰ দিনটোত জালালুদ্দিন খলিজিয়ে দিল্লী দখল কৰিছিল আৰু ইয়াৰ ফলত দাস বংশৰ ৰাজত্বৰ সূচনা হৈছিল । আমেৰিকাৰ মহাকাশযান ‘‘পায়’নিয়াৰ—১০’’এ সৌৰজগত পাৰ হৈ অচিন জীৱৰ সন্ধানত বৰ্হিবিশ্বলৈ যাত্ৰা কৰিছিল ১৯৮৩ বৰ্ষৰ আজিৰ দিনটোতে ৷

দিৱস[সম্পাদনা কৰক]

সম্ৰাট আলেকজেণ্ডাৰৰ স্মৃতি দিৱস ৷

বাহ্যিক সংযোগ[সম্পাদনা কৰক]