বেটুপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়া: মুক্ত বিশ্বকোষ
মুক্ত বিশ্বকোষ
ভাল প্ৰবন্ধ
নিৰ্বাচিত প্ৰবন্ধ
AbdulKalam.JPG

আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম (১৫ অক্টোবৰ ১৯৩১- ২৭ জুলাই ২০১৫) বা ড° এ. পি. জে. আব্দুল কালাম, এজন ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিল। কালামৰ জন্ম আৰু শৈশৱ তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত হৈছিল। তেখেতে তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজি (MIT), এ’ৰস্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ণ হয়। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে, তেখেত এজন এ’ৰস্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (DRDO) আৰু ভাৰতীয় মহাকাশ অধ্যয়ন সংস্থাত (ISRO) কাৰ্যনিৰ্বাহ কৰিছিল। কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে "ভাৰতৰ মিছাইল মানৱ"। ভাৰতত বেলিষ্টিক ক্ষেপণাস্ত্ৰ (ballistic missile) আৰু "উৎক্ষেপণ যান" (launch vehicle) প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি প্ৰদান কৰা হৈছিল। ১৯৭৪ চনৰ প্ৰথম নিউক্লীয়েৰ পৰীক্ষাৰ পাছত, ১৯৯৮ চনত হোৱা ভাৰতৰ "পোখৰান-২" নিউক্লীয়েৰ পৰীক্ষণত ড° কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মুখ্য ভুমিকা পালন কৰিছিল। ২০০২ চনত ড° কালামে লক্ষ্মী চেহগলক নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। ২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ আই আই এমত এক বক্তৃতা প্ৰদান অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰি বেথানী চিকিৎসালয়ত কালামৰ মৃত্যু হয়।

বিতংকৈ পঢ়ক...

আপুনি জানেনে?
আপুনি জানেনে...
গুগ'লৰ প্ৰতীক চিহ্ন
  • ...যে গুগল (Google) কোম্পানীৰ মালিকে গুগ'লৰ (Googol)ৰ বানান ভুল কৰিলে?
  • ...যে নিগনিয়ে আকালৰ সময়ত নিজৰ নেজো খায়?
  • ...যে এটি ৰামানুজ যুগ্ম সংখ্যা?
  • ...যে হাজং ভাষা এটি ভাৰতীয় আৰ্য ভাষা যাৰ তিব্বত-বৰ্মী ভাষাৰ সৈতেও সম্পৰ্ক আছে?
  • ...যে ৬বছৰীয়া কৌটিল্য পণ্ডিতে ২১৩ দেশৰ ভূগোল, জনমুৰি আয়, মুঠ ঘৰুৱা উৎপাদন আদিৰ বিষয়ে সহজে ক'ব পাৰে?
নিৰ্বাচিত চিত্ৰ
নিৰ্বাচিত চিত্ৰ
Way To Majuli.jpg
ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ফেৰীৰে মাজুলীলৈ যাত্ৰা কৰাৰ মুহূৰ্তৰ আলোকচিত্ৰ

সুৰজ কুমাৰ দাস
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...

Wikipedia-logo-v2.svg
পৰিচিতি
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যন" নামৰ ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ৩০ নিযুত প্ৰবন্ধ সম্বলিত ২৮৭ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৩৬৫ নিযুত মানুহে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

Wiki letter wo.svg
সহায়
ৱিকিপিডিয়ানৰ হাতপুথি
সাহায্য

আদৰণি · পাতনি · পৰিচয় · সহায়িকা · সমল · সাহায্য কেন্দ্ৰ · প্ৰশ্নসমূহ · অৰ্থকোষ · নতুন প্ৰবন্ধ সৃষ্টি · টাইপিং · পুৰীয়া

নীতি আৰু নিৰ্দেশাৱলী

নীতি আৰু নিৰ্দেশাৱলী · পঞ্চস্তম্ভ · ৱিকিপিডিয়া কি নহয় · নিৰপেক্ষ দৃষ্টিভংগী · উল্লেখযোগ্যতা · মৌলিক গৱেষণাৰহিত লেখা · কপিৰাইট · বিশ্বাসযোগ্যতা · সম্পাদনা নীতি · দায়লুপ্তি

আচৰণবিধি

শিষ্টাচাৰ · ব্যক্তিগত আক্ৰমণ নকৰিব · হাৰাশাস্তি · সম্পাদনা দ্বন্দ্ব · মতবিৰোধ সমাধান · ঐকমত্য · ধ্বংসপ্ৰৱণতা

বিষয় সূচী
অসম
Assamese Jaapi.png

অসম · অসমৰ জিলা · ভাষা আৰু লিপি · লোক-সংস্কৃতি · জনগোষ্ঠী · বুৰঞ্জী · প্ৰসিদ্ধ ব্যক্তি · অসমীয়া সাহিত্য · অসমৰ সংগীত · অসমৰ চলচ্চিত্ৰ

ভাৰত
Flag of India.svg

ৰাজ্যসমূহ · ভাষাসমূহ · নদীসমূহ · সংস্কৃতি · উৎসৱ · বুৰঞ্জী · ৰাজনীতি · প্ৰসিদ্ধ ব্যক্তি · শিক্ষা

দেশ-বিদেশ
World Map Icon.svg

মহাদেশ · ৰাষ্ট্ৰসমূহ · নগৰ-মহানগৰ · পৰ্যটন

মানৱ বিজ্ঞান
HP people.png

কলা · অৰ্থনীতি · ৰাজনীতি বিজ্ঞান · সমাজবিদ্যা · ভূগোল · ইতিহাস আৰু প্ৰাক-ইতিহাস · ভাষা বিজ্ঞান · দৰ্শন · শিক্ষা

সাহিত্য আৰু সংস্কৃতি
Books-aj.svg aj ashton 01.svg

সাহিত্য · সংগীত · ধৰ্ম · বঁটা আৰু সন্মান

জীৱনী
David face.png

অসমৰ প্ৰসিদ্ধ ব্যক্তি · ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি · বিজ্ঞানী‎ · চলচ্চিত্ৰ শিল্পী · কণ্ঠশিল্পী‎ · সকলো

বিজ্ঞান
PrirodneNauke.svg

গণিত · পদাৰ্থ বিজ্ঞান · ৰসায়ন বিজ্ঞান · প্ৰাণীজগত · উদ্ভিদজগত · চিকিৎসা বিজ্ঞান · জ্যোতিৰ্বিজ্ঞান · কম্পিউটাৰ বিজ্ঞান · প্ৰযুক্তি · পৰিৱেশ বিজ্ঞান · নৃতত্ব · পূৰাতত্ব

মনোৰঞ্জন
Exquisite-xine.png

বোলছবি · দূৰদৰ্শন · ভ্ৰাম্যমাণ থিয়েটাৰ · পাকঘৰ · ইণ্টাৰনেট · খেল

ৱিকিপিডিয়া
Wikipedia-logo-v2.svg

আৰম্ভণি · ৱিকিপিডিয়াৰ নীতি · ৰাইজৰ চ'ৰা · শেহতীয়া ঘটনাৱলী · অৰ্থকোষ · পৰীক্ষাগাৰ

অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):

অন্য ভাষাৰ ৱিকিপিডিয়াসমূহ
Wiktionary-logo.svg