আজিৰ নিৰ্বাচিত প্ৰবন্ধ

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ
পাৰম্পৰিক এনিমেছনৰ উদাহৰণ। ঘোঁৰাটোৰ দৌৰি থকা মূহুৰ্তৰ কেবাখনো ছবি ক্ৰমত সজাই এই এনিমেছন নিৰ্মাণ কৰা হৈছে।

এনিমেছন (ইংৰাজী: Animation) (বা এনিমেশ্যন) হৈছে স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক বিশেষ প্ৰক্ৰিয়াৰে লক্ষ্য কৰিলে গতিৰ ভ্ৰম সৃষ্টি হয়। সহজ অৰ্থক ইয়াক "চলমান চিত্ৰ" বুলিও ক'ব পাৰি। চলচ্চিত্ৰৰ আৰু এনিমেছনৰ সংজ্ঞা আৰু মূল কাৰিকৰী নীতি একেই। চলচ্চিত্ৰৰ সংজ্ঞাই এনিমেছনকো সাঙুৰি লয়। নিৰ্মাণ প্ৰক্ৰিয়াৰ ভিন্নতা অনুসৰি চলচ্চিত্ৰক জীৱম্ত গতি (live action), বা এনিমেছন এই দুটা বহল ভাগত ভগাব পাৰি। জীৱন্ত গতি চলচ্চিত্ৰ নিৰ্মাণ কৰোঁতে চলমান বস্তু এটাক কেমেৰাৰ সহায়েৰে সময়ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অন্তৰালত (পাৰম্পৰিকভাৱে ছেকেণ্ডত ২৪ খন) ফটো তোলা হয়। এই ছবিবোৰত চলমান বস্তুটোৰ বিভিন্ন মূহুৰ্তক স্থিৰ চিত্ৰ কৰি পেলোৱা হয়। প্ৰতিখন ছবিকে একোখন 'ফ্ৰেম' বোলা হয়। পাছত প্ৰজেক্টৰৰ সহায়েৰে এই 'ফ্ৰেম' বোৰক ক্ৰম অনুসৰি পৰ্দাত প্ৰক্ষেপণ কৰা হয়। দৃষ্টিৰ জড়তা (Persistence of vision) পৰিঘটনাৰ বাবে আমাৰ চকুৱে সিখনৰ পাছত সিখনকৈ প্ৰক্ষেপিত স্থিৰ চিত্ৰৰ ক্ৰমক গতিৰ ভ্ৰমলৈ ৰূপান্তৰিত কৰে আৰু আমি ছবিখন চলি থকা দেখোঁ। বৰ্তমান কম্পিউটাৰৰ সহায়ত এনিমেছন নিৰ্মাণ কৰাটো এক জনপ্ৰিয় উপায়। (বিতংকৈ পঢ়ক............)

আপুনি জানেনে?
আপুনি জানেনে...
গুৱাহাটী উচ্চ ন্যায়ালয়
  • ...যে কৃষ্ণৰ পৰলোকগমনৰ মাজেদিয়েই ৩১০২ খ্ৰীষ্টপূৰ্বৰ ১৭/১৮ ফেব্ৰুৱাৰীত দ্বাপৰ যুগৰ সমাপ্তি ঘটিছিল?
  • ...যে গণেশ গগৈ অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমান্টিক কবি হিচাপে খ্যাত আছিল?
নিৰ্বাচিত চিত্ৰ
নিৰ্বাচিত চিত্ৰ

অন্য ভাষাত পঢ়ক

এই পৃষ্ঠাটো 286 টা ভাষাত উপলব্ধ

View edit history of this page.