ৱিকিমিডিয়া কমন্স
Wikimedia Commons
 |
 |
ইউ আৰ এল |
commons.wikimedia.org |
বিজ্ঞাপন |
No |
প্ৰকাৰ |
Media repository |
পঞ্জীয়ন |
ঐচ্ছিক (কিন্তু ফাইল আপলোড কৰিবৰ বাবে প্ৰয়োজনীয়) |
বিষয়বস্তু অনুজ্ঞাপত্ৰ |
মুক্ত |
স্বত্বাধিকাৰী |
ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
সৃষ্টিকৰ্তা |
ৱিকিমিডিয়া সম্প্ৰদায় |
মুকলি |
৭ ছেপ্তেম্বৰ, ২০০৪ |
এলেক্সা স্থান |
175 (September 2012[update]) |
বৰ্তমান স্থিতি |
সক্ৰিয় |
ৱিকিমিডিয়াৰ প্ৰতীক মচাইক
ৱিকিমিডিয়া কমন্স কমন্স বা ৱিকিকমন্স (ইংৰাজী: Wikimedia Commons বা চমুকৈ Commons) নামেৰেও পৰিচিত। কমন্স এটা চিত্ৰ, শব্দ বা সংগীত আৰু অন্যান্য মাল্টিমিডিয়া ফাইলৰ এটা উন্মুক্ত ভঁৰাল[1]। এইটো ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ৱিকিপিডিয়াৰ দৰেই আৰু এটা প্ৰকল্প, কিন্তু ই ৱিকিপিডিয়াৰ লগতে আনবোৰ সহযোগী প্ৰকল্প যেনে ৱিকি বুকছ, ৱিকি চৰ্ছ, ৱিকি নিউজ আদিৰ ৱিকিপ্ৰকল্পৰ অন্তৰ্গত সকলো ভাষাৰ সম্পদ ভঁৰাল হিচাপে কাম কৰে[2]।
কমন্সৰ ভঁৰালত ২০১২ চনলৈকে ১৪ মিলিয়ন মিডিয়া ফাইল আছে আৰু দৈনিক সেয়া বাঢ়িয়েই আছে[3]।
এই প্ৰকল্পটো ২০০৪ চনৰ মাৰ্চ মাহত এৰিক মল্লাৰ (Erik Möller) ’য়ে উত্থাপন কৰিছিল[4] আৰু ২০০৪ চনৰ ৭ ছেপ্তেম্বৰত মুক্তিলাভ কৰিছিল[5][6]। এই প্ৰকল্পটো খোলাৰ আগলৈকে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত সকলো প্ৰকল্প আৰু ভাষাত এখন চিত্ৰকে বাৰম্বাৰ আপল’ড কৰাৰ প্ৰয়োজন হৈছিল। এই প্ৰকল্প খোলাৰ পাছত এনেদৰে চাৰ্ভাৰত পৰা অতিৰিক্ত চাপসমূহ আতৰি যায়।
অধিকাংশ ৱিকিমিডিয়া প্ৰকল্পই বৰ্তমানেও স্থানীয় আপল’ড প্ৰক্ৰিয়া চলাই আছে যিবোৰ ৱিকিমিডিয়া ফাউণ্ডেশ্যানৰ অন্যান্য প্ৰকল্প বা ভাষাত ব্যৱহাৰ কৰিব নোৱাৰি। কমন্সৰ কপিৰাইট নীতি অনুসৰি, ভাল ব্যৱহাৰৰ বাবে আপল’ড কৰা সমলসমূহকো ৱিকিমিডিয়া কমন্সত অ-মুক্ত অনুজ্ঞাপত্ৰৰ (non-free licenses)ৰ অধীনত আপল’ড কৰা নিয়ম নাই, তেনেধৰনৰ আপল’ড কৰাৰ বাবে স্থানীয় ৱিকিয়েই একমাত্ৰ আধাৰ। কমন্সত আপল’ড কৰা ফাইলসমূহ মুক্ত (free content) হোৱাটো বাঞ্চনীয়। কমন্সত ব্যৱহৃত সাধাৰন অনুজ্ঞাপত্ৰসমূহ হৈছে জিএফডিএল (GFDL-GNU Free Documentation License) অথবা ক্ৰিয়েটিভ কমন্সৰ (Creative Commons) অনুজ্ঞাপত্ৰ[7], অন্যান্য অনুজ্ঞাপত্ৰ সমূহ হৈছে মুক্ত সমল আৰু মুক্ত ছফ্টৱেৰ (free content and free software licenses) সমন্বিতে "পাব্লিক ডমেইন" (Public domain)।
কমন্সৰ সততে ব্যৱহৃত (default) ভাষা হৈছে ইংৰাজী, কিন্তু পঞ্জীভুক্ত সদস্যসকলে তেওঁলোকৰ পছন্দ অনুসৰি কিছুমান পৃষ্ঠা অনুবাদ কৰিব পাৰে, যেনে: নীতি নিৰ্দেশনা পৃষ্ঠা আৰু চ’ৰা। ইয়াৰ ওপৰিও মিডিয়া ফাইলসমূহত নিজৰ ভাষাত ফাইলৰ বিৱৰণ দিবও পাৰে।
ছাইটটোত উন্নত মানৰ কাম বাচি উলিয়াবৰ বাবে তিনিটা পদ্ধতি অৱলম্বন কৰা হয়। ইয়াৰে এটা "নিৰ্বাচিত ছবি", য’ত ছবিসমূহ সেই ছাইটৰ পঞ্জীভুক্ত সদস্যসকলে ভোটদান পৰ্বযোগে চিত্ৰ বাচনি কৰিব পাৰে। এই পদ্ধটিতো নৱেম্বৰ, ২০০৪ চনৰ পৰা আৰম্ভ কৰা হয়। আন প্ৰক্ৰিয়া দুটা হ’ল "উন্নত চিত্ৰসমূহ" আৰু আনটো "অমূল্য চিত্ৰসমূহ"।
এই ছাইটে বছৰটোৰ নিৰ্বাচিত চিত্ৰ প্ৰতিযোগিতা ২০০৬ চনৰ পৰা বৰ্তমানলৈকে নিয়মিত ভাৱে অনুষ্ঠিত কৰি আহিছে য’ত সদস্যৰ ভোটদানৰ যোগেদিয়েই চিত্ৰ নিৰ্বাচিত কৰা হয়। প্ৰতিযোগীতাৰ শ্ৰেষ্ঠ মিডিয়াসমূহ:
- ২০০৬,
- ২০০৭,
- ২০০৮,
- ২০০৯,
- ২০১০ আৰু
- ২০১১.
কেইখনমান উল্লেখনীয় চিত্ৰ [সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ |
|
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০০৬
|
|
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০০৭
|
|
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০০৮
|
|
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০০৯
|
|
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০১০
|
|
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০১১
|
|
২০০৪ চনৰ পৰা ২০১২ লৈ ৱিকিমিডিয়া কমন্সৰ বিকাশৰ গ্ৰাফ
- নৱেম্বৰ ৩০, ২০০৬, ১ মিলিয়ন মিডিয়া ফাইল
- অক্টোবৰ ৯, ২০০৭, ২ মিলিয়ন মিডিয়া ফাইল
- জুলাই ১৬, ২০০৮, ৩ মিলিয়ন মিডিয়া ফাইল
- মাৰ্চ ৪, ২০০৯, ৪ মিলিয়ন মিডিয়া ফাইল.
- ছেপ্তেম্বৰ ২, ২০০৯, ৫ মিলিয়ন মিডিয়া ফাইল
- জানুৱাৰী ২৭, ২০১০, ১ মিলিয়ন পঞ্জীভুক্ত সদস্য আৰু ৮ মিলিয়ন পৃষ্ঠা
- জানুৱাৰী ৩১, ২০১০, ৬ মিলিয়ন মিডিয়া ফাইল
- জুলাই ১৭, ২০১০, ৭ মিলিয়ন মিডিয়া ফাইল
- জানুৱাৰী ১, ২০১১, ৮ মিলিয়ন মিডিয়া ফাইল
- ফেব্ৰুৱাৰী ২৩, ২০১১, ৯ মিলিয়ন মিডিয়া ফাইল
- এপ্ৰিল ১৫, ২০১১, ১০ মিলিয়ন মিডিয়া ফাইল
- ছেপ্তেম্বৰ ২১, ২০১১, ১১ মিলিয়ন মিডিয়া ফাইল
- জানুৱাৰী ১৩, ২০১২, ১২ মিলিয়ন মিডিয়া ফাইল
- জুন ৪, ২০১২, ১৩ মিলিয়ন মিডিয়া ফাইল
- ছেপ্তেম্বৰ ২৩, ২০১২, ১৪ মিলিয়ন মিডিয়া ফাইল
- ↑ Endres, Joe, "Wiki websites wealth of information". International News on Fats, Oils and Related Materials : INFORM. Champaign, Illinois: May 2006. Vol. 17, Iss. 5; pg. 312, 1 pgs. Source type: Periodical ISSN: 08978026 ProQuest document ID: 1044826021 Text Word Count 746 Document URL: Proquest URL ProQuest (subscription) retrieved August 6, 2007
- ↑ "Embedding Commons’ media in Wikimedia projects". Wikimedia Commons. http://commons.wikimedia.org/wiki/Commons:First_steps/Reuse#Embedding_Commons'_media_in_Wikimedia_projects। আহৰণ কৰা হৈছে: August 7, 2007.
- ↑ Statistics page on Wikimedia Commons
- ↑ Möller, Erik (March 19, 2004). "[Wikipedia-l] Proposal: commons.wikimedia.org". http://lists.wikimedia.org/pipermail/wikipedia-l/2004-March/014885.html। আহৰণ কৰা হৈছে: August 7, 2007.
- ↑ "Main Page". Wikimedia Commons. September 7, 2004. http://commons.wikimedia.org/w/index.php?title=Main_Page&oldid=50। আহৰণ কৰা হৈছে: August 7, 2007.
- ↑ "Wikimedia Commons: Über 100.000 freie Bilder, Töne und Filme" (in German ভাষাত). Golem.de. May 25, 2005. http://www.golem.de/0505/38234.html। আহৰণ কৰা হৈছে: August 7, 2007.
- ↑ See Creative Commons licenses, of which "NonCommercial" and "NoDerivs" can not be used on Wikimedia Commons.